ছাত্ৰীবাৰী ডকাইতি কাণ্ডৰ অপৰাধী আৰক্ষীৰ গুলীত নিহত
নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ পুনৰ আৰক্ষীৰ গুলীচালনা।মহানগৰীৰ ছাত্ৰীবাৰী ডকাইতি কাণ্ডৰ লগত জড়িত ডকাইতক আৰক্ষীয়ে গুলীবিদ্ধ কৰে। গুলিবিদ্ধি ডকাইতটোৰ নাম তাইজুদ্দিন আহমেদ।
গুৱাহাটীৰ ছাত্ৰীবাৰীৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল ছিপাঝাৰৰ সানোৱাতাৰী নিবাসী নিহত ডকাইত তাইজুদ্দিনৰ ৷
আৰক্ষীয়ে জনোৱা মতে, কিছুদিন পূৰ্বে আটক কৰা হৈছিল তাইজুদ্দিন আহমেদক ৷ ঘটনাৰ তদন্তৰ খাতিৰত পল্টন বজাৰ আৰক্ষীয়ে তাইজুদ্দিনৰ ছিপাঝাৰত চলাইছিল এক অভিযান ৷ এই অভিযানত আৰক্ষীয়ে তাইজুদ্দিনৰ বাসগৃহত বৃহৎ পৰিমাণৰ ধন মজুত থকাৰ খবৰ লাভ কৰে ৷
আৰক্ষীৰ বেষ্টনী ভাঙি পলাবলৈ চেষ্টা কৰিছিল তাইজুদ্দিনে। পলায়ন কৰিবলৈ চেষ্টা কৰা দুৰ্ধূৰ্ষ ডকাইত তাইজুদ্দিনক আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত ধৰাশায়ী হয় ডকাইত তাইজুদ্দিন।
আৰক্ষীয়ে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আহত তাইজুদ্দিনক ৷ কিন্তু মঙলদৈ চিকিৎসালয়তে মৃত্যু ঘটে ডকাইতটোৰ ৷