বিহালীত নকল সোণৰ ব্যৱসায়, আটক এজন
নিউজ ডেস্ক,১৩ এপ্ৰিল:- এইবাৰ বিশ্বনাথৰ বিহালীত বৃহৎ পৰিমাণৰ নকল সোণ জব্দ কৰি এজনক আটক কৰিবলৈ সক্ষম হয় বিহালী আৰক্ষীয়ে। বিশ্বনাথৰ বিহালীৰ বৰগাংত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ এই বৃহৎ পৰিমাণৰ নকল সোণখিনি ।
হাছিনুৰ ৰহমান নামৰ লোক জনে এখন এল্ট গাড়ীৰে সোণখিনি লৈ গৈ থকা অৱস্থাত বিহালী আৰু বৰগাং আৰক্ষীয়ে জব্দ কৰে নকল সোণখিনি ।
লখিমপুৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন এল্ট’ গাড়ীত জব্দ কৰে বৃহৎ পৰিমাণৰ সোণখিনি। লগতে আৰক্ষীয়ে জব্দ কৰা এল্ট গাড়ীখনৰ নং এ এছ ০৭ তি ১৫৪৫।
বিহালী আৰক্ষীয়ে এই এল্ট বাহন খনৰ পৰা প্ৰায় ৫০ কেজি সন্দেহযুক্ত নকল সোণ জব্দ কৰাৰ কথা অবগত কৰে সংবাদ মাধ্যমৰ আগত ।
আটক কৰা হাছিনুৰ বিহপুৰীয়াৰ দৌলতপুৰ গাঁৱৰ বুলি জানিবলৈ দিয়ে বিহালী আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ধীৰাজ জ্যোতি নমঃশূদ্ৰই।
উল্লেখ্য যে, বিহালী আৰু বৰগাং আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰগাংত তালাচি চলাই থকা অৱস্থাতে এই বৃহৎ পৰিমাণৰ নকল সোণ জব্দ কৰিবলৈ সক্ষম হয়।