Local, Vocal, Global

বন্য হাতীয়ে তচনচ কৰিলে ভূটান সীমান্তৰ কেইবাটাও বাসগৃহ

নিউজ ডেস্ক, ১২ এপ্ৰিল : ৰাজ্যত পুনৰ হাতী মানুহৰ সংঘাট । বন্য হাস্তীয়ে তচনচ কৰিলে ভূটান সীমান্তৰ কেইবাটাও বাসগৃহ ।

তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ ১ নং ডোঙাৰ গাঁৱৰ খান্দাজানত বন্য হাতীয়ে মানুহৰ ওপৰত আঘাত কৰি এই ঘটনা সংঘটিত কৰিছে ।

উল্লেখ্য যে, নিশা বনৰীয়া হাতীৰ জাকটোৱে তাণ্ডৱৰ সৃষ্টি কৰিছিল ভূটান সীমান্তৰ খান্দাজান গাঁৱৰ তিনিটাকৈ পৰিয়ালত । বনৰীয়া হাতীৰ দলটোৱে খাদ্যৰ সন্ধানত গাঁৱত প্ৰবেশ কৰি আতংকৰ সৃষ্টি কৰিছিল ।

বন্য হাতীয়ে তচনচ কৰিলে ভূটান সীমান্তৰ কেইবাটাও বাসগৃহ

হাতীৰ জাকটোৱে তাণ্ডৱ চলোৱাত প্ৰতিকুল বতৰকো নেউচি গাঁৱবাসীয়ে হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰে যদিও সফল নহল গাঁৱবাসী । হাতীৰ জাকটোৰ উপদ্ৰৱত আতংকিত হৈ পৰে গাঁৱবাসী ।

বনৰীয়া হাতীৰ জাকটোৱে আক্ৰমণ কৰা পৰিয়াল কেইটা ক্ৰমে খান্দাজানৰ ৰাম বাহাদূৰ কাৰ্কী, ৰণ বাহাদুৰ ভাণ্ডাৰী আৰু ধনমায়া চুবেদী ।

জানিব পৰা মতে, বনৰীয়া হাতীৰ জাকটোৱে আক্ৰমণ চলোৱাত বাসগৃহ তচনচ কৰাৰ লগতে ঘৰত মজুত থকা ধান, চাউল, আদিকে ধৰি সকলো খাদ্য খায় তহিলং কৰে ।