Local, Vocal, Global

পাকিস্তানৰ প্ৰধানমন্ত্ৰীক টুইটযোগে অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ শ্বেহবাজ শ্বৰীফে সোমবাৰে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ পূৰ্বসূৰী ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ ৮ মাৰ্চত উত্থাপন হোৱাৰ পিছত দেশত অনিশ্চয়তাৰ অৱসান ঘটে।

চিনেটৰ অধ্যক্ষ চাদিক সঞ্জৰানীয়ে ৰাষ্ট্ৰপতি ড০ আৰিফ আলভিৰ অনুপস্থিতিত ৭০ বছৰীয়া শ্বেহবাজক শপত গ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শ্বেহবাজ শ্বৰীফক পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰাৰ বাবে অভিনন্দন জনায়।

সোমবাৰে এক টুইটযোগে তেওঁ শ্বৰীফক অভিনন্দন জনাই কয়, “ভাৰতে সন্ত্ৰাসমুক্ত অঞ্চলত শান্তি আৰু স্থিৰতা বিচাৰে যাতে আমি আমাৰ উন্নয়নৰ প্ৰত্যাহ্বানৰ ওপৰত গুৰুত্ব দিব পাৰোঁ আৰু আমাৰ জনসাধাৰণৰ কল্যাণ আৰু সমৃদ্ধি নিশ্চিত কৰিব পাৰোঁ।”