২৩ এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং
নিউজ ডেস্ক, ১২ এপ্ৰিলঃ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ ২৩ এপ্ৰিলত অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। বাংলাদেশৰ স্বাধীনতা যুদ্ধত অংশগ্ৰহণ কৰি ছহিদ হোৱা ৯ গৰাকী সৈনিকৰ বিধৱা পত্নী, আঘাটপ্ৰাপ্ত ছগৰাকী সৈনিক, দুগৰাকী যুদ্ধ বন্দী সৈনিক আৰু এই যুদ্ধত অংশগ্ৰহণ কৰি মহীয়ান হোৱা ৭২ গৰাকী অসমৰ সৈনিকক প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব।
দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত সোমবাৰে দিছপুৰৰ জনতা ভৱনৰ নিজ কাৰ্যালয়ত শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত কৰা হয়।
ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব এম এছ মণিৱন্নন, গৃহ বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰ, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সচিব দেৱজ্যোতি দত্তকে ধৰি কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়।