Local, Vocal, Global

ফেটি লিভাৰত আক্ৰান্ত হোৱাৰ লক্ষণ

নিউজ ডেস্ক,২৫ মাৰ্চ : শৰীৰৰত কলেষ্ট’ৰেলৰ পৰিমাণ বাঢ়িলে ফেটি লিভাৰ হোৱাৰফেটি লিভাৰ সম্ভাৱনা থাকে।আনহাতে খাদ্যৰ অনিয়মিয়তা আৰু ওজন বৃদ্ধিৰ ফলতো বহুতেই ফেটি লিভাৰত ভোগা পৰিলক্ষিত হয়। এই ৰোগটো যদি প্ৰথম পৰ্যায়তে ধৰা পেলোৱা হয় তেন্তে ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়। এই ৰোগত আক্ৰান্ত হোৱাৰ আগত কিছুমান লক্ষ্যণে দেখা দিয়ে।সেই লক্ষ্যণসমূহ হ’ল –

অলপ কষ্ট কৰিলেই ভাগৰুৱা অনুভৱ কৰিলে ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা থাকে

প্ৰস্ৰাৱৰ ৰং হালধীয়া হোৱাও ফেটি লিভাৰৰ এটি লক্ষণ

এইবিধ ৰোগত আক্ৰান্ত হ’লে ছালৰ বৰণ সলনি হৈ ছাল শুকাই যায়।
পেটত জাম হ’লে যিমান পাৰি সোনকালে লিভাৰৰ পৰীক্ষা কৰিব লাগে।
আৰু প্ৰায়ভাগ লিভাৰৰ বেমাৰৰ লক্ষণ হ’ল ডিহাইড্ৰেছন। ডিহাইড্ৰেছন হলে সঘনাই পিয়াহ লাগে।
এই লক্ষণ সমূহ দেখা দিয়া পিছত তাৎক্ষণিক ভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সঠিক সময়ত চিকিৎসা নকৰিলে ই লিভাৰৰ বাবে ক্ষতিকাৰক হৈ পৰে।

এই ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ উপৰি পানীৰ লগত নিমখ আৰু নেমু মিহলি কৰি খাব লাগে। কেঁচা হালধী ৰস খালেও লিভাৰ সুস্থ থাকে