Local, Vocal, Global

লাহৰীঘাট আৰক্ষী থানাৰ সন্মুখত স্থানীয় ৰাইজৰ প্ৰতিবাদ

নিউজ ডেস্ক,২২ মাৰ্চঃ এপেকেট বিস্কুট চুৰি কৰাৰ বাবে এটি ১৪ বছৰীয়া কিশোৰক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ ASI উপেন্দ্ৰ চন্দ্ৰ বৰদলৈক নিলম্বন।

আৰক্ষী গৰাকীয়ে কিশোৰটিক প্ৰহাৰ কৰা ভিডিঅ’ সৰ্বত্ৰে ভাইৰেল হৈ পৰিছিল। ইয়াৰপিছতেই আৰক্ষী বিক্ষয়াজনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয়।

আৰক্ষীয়ে কিশোৰটিৰ ওপৰত অমানৱীয়ভাৱে শাৰীৰিক নিৰ্যাতন চলাই যোৱা পৰিলক্ষিত হৈছিল ভিডিঅ’টোত । এই ঘটনা পোহৰলৈ অহাৰ পাছতে শীৰ্ষ নেতৃত্বই আৰক্ষীজনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰে৷

কিশোৰক নিৰ্মমভাৱে মাৰপিট কৰা আৰক্ষীক নিলম্বন কৰিলেই নহব, তেওঁৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনায়। আজি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ লগতে শতাধিক স্থানীয় ৰাইজে ।লগতে আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তুলে প্ৰতিবাদকাৰীসকলে ।