Local, Vocal, Global

দিল্লীত অভেনত উদ্ধাৰ দুমহীয়া কন্যা শিশুৰ মৃতদেহ

নিউজ ডেস্ক,২২ মাৰ্চঃ সোমবাৰে দক্ষিণ দিল্লীৰ চিৰাগ অঞ্চলত এক চাঞ্চলকৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এটা মাইক্ৰ’ৱেভ অভেনৰ ভিতৰত এটি দুমহীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

এই ঘটনা সন্দৰ্ভত আৰক্ষী উপায়ুক্ত মেৰী বেনিতা জাইকাৰে কয় যে, কেঁচুৱাটিৰ পিতৃ-মাতৃ গুলচন কৌশিক আৰু ডিম্পল কৌশিকক আৰক্ষী থানাত জেৰা কৰি থকা হৈছে।

উল্লেখ্য যে, কন্যা সন্তান জন্মৰ পাছৰে পৰা মাতৃগৰাকী অসন্তুষ্ট আছিল বুলি জানিব পৰা গৈছে৷ ইয়াৰোপৰি এই সন্তানকলৈ স্বামীৰ সৈতেও কাজিয়াৰ সূত্ৰপাত হৈছিল৷

আৰক্ষীক কেঁচুৱাটিৰ মৃত্যুৰ বিষয়ে অৱগত কৰি এজন চুবুৰীয়াই কয় যে, “মাতৃগৰাকীয়ে নিজকে ঘৰৰ ভিতৰত বন্দী কৰি ৰাখিছিল৷ পাছত তেওঁৰ শাহুৱেকে এটা এলাৰ্ম বজাইছিল। তেওঁ কয়, ‘আমি গ্লাছ ভাঙি কোঠাটোত প্ৰৱেশ কৰিছিলোঁ। শিশুটিৰ মাতৃক তেওঁৰ পুত্ৰৰ সৈতে ভিতৰত অচেতন অৱস্থাত পৰি থকা দেখিছিলো, কিন্তু দুমাহৰ কেঁচুৱাটি সন্ধানহীন হৈ আছিল।”

ইয়াৰপিছতেই চুবুৰীয়াই গোটাই ঘৰটোত সন্ধান চলোৱাৰ পাছত কেঁচুৱাটিক মাইক্ৰ’ৱেভ অভেনৰ ভিতৰত উদ্ধাৰ কৰিছিল। ঘটনাৰ সময়ত শিশুটিৰ পিতৃ নিজৰ দোকানত আছিল বুলি জানিব পৰা গৈছে।