Local, Vocal, Global

মহানগৰীত উলংগ অৱস্থাত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২২ মাৰ্চ : ৰাজ্যত প্ৰায়ে সংঘটিত হৈ আহিছে ধৰ্ষণৰ দৰে জঘন্য কাণ্ড । পুনৰ মহানগৰীৰ উপকণ্ঠ পানীখাইতীত উদ্ধাৰ এটি মৃতদেহ । পানীখাইতীৰ আমগাঁৱত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে যুৱতীৰ মৃতদেহ।
উলংগ অৱস্থাত আছিল যুৱতী গৰাকীৰ মৃতদেহটো।

উল্লেখযোগ্য যে, কোনো দুষ্কৃতিকাৰীয়ে মৃতদেহটো ঘাইপথৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজ তথা আৰক্ষীয়ে । যুৱতী গৰাকীৰ প্ৰথমতে ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে যদিও এতিয়া লৈ নিশ্চিত হোৱা নাই।


উল্লেখ্য যে, অন্য ঠাইত হত্যা কৰি যুৱতী গৰাকীৰ মৃতদেহ আমগাঁওৰ ঘাই পথৰ দাঁতিত পেলাই থৈ যোৱা সন্দেহ প্ৰকাশ কৰা হৈছে । এতিয়ালৈকে যুৱতী গৰাকীৰ পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।