Local, Vocal, Global

বৰপেটাত যুৱতী অধিবক্তাক ৰাজপথত হানি খুচি হত্যা

নিউজ ডেস্ক,২২ মাৰ্চঃ বৰপেটাৰ বিলৰতাৰি হাটীত সোমবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত বাইকেৰে অহা তিনিজনীয়া এটা দুৰ্বৃত্তৰ দলে ৰাজপথতে চোকা অস্ত্ৰৰে এগৰাকী মহিলা অধিবক্তাক হানি খুচি হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দূৰ্বৃত্তৰ আক্ৰমণত থিতাতে নিহত হোৱা যুৱতীগৰাকীৰ ঘৰ ভেল্লাৰ বনৰীয়া গাঁৱৰ ৰিনিমা বেগম। সন্ধিয়া ৰিনিমা বেগমে জেষ্ঠ্য ভগ্নীৰ শাৰিৰীক অসুস্থতাৰ বাবে চিকিংসকৰওচৰলৈ গৈছিল। ইয়াৰপিছতে ঘৰলৈ উভতি অহাৰ পথত তিনি দূৰ্বৃত্তই ৰিনিমাক চোকা অস্ত্ৰৰে আঘাত কৰে।

স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত আহত ৰিণিমাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছিল যদিও হাস্পতালত চিকিৎসকে ৰিণিমাৰ মৃত্যু হৈছে বুলি ঘোষণা কৰে। এই ঘটনাৰ পিছতে সমগ্ৰ বৰপেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিহত ৰিণিমাৰ পৰিয়ালে এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে।

আনহাতে এই ঘটনা সন্দৰ্ভত ৰিণিমাৰ জ্যেষ্ঠ ভগ্নীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি হত্যাকাণ্ড সংঘটিত কৰা ৩ দুৰ্বৃত্তৰ ভিতৰত ২ জনক চিনাক্ত কৰিবলৈ সক্ষম হৈছে। স্থানীয় লোকে এই হত্যাকাণ্ডৰ আঁৰত ভূমি সংক্ৰান্তিয় দীৰ্ঘদিনীয়া কাজিয়া বলি সন্দেহ প্ৰকাশ কৰিছে।