Local, Vocal, Global

কৰ্তব্যৰত অৱস্থাত থানাৰ ভিতৰতে নিজৰ মূৰত গুলীয়ালে আৰক্ষীয়ে

নিউজ ডেস্ক, ২১ মাৰ্চঃ সোমবাৰে দুপৰীয়া ভাগত শিলচৰ সদৰ আৰক্ষী থানাত অঘটন। এগৰাকী আৰক্ষী সহঃ উপ–পৰিদৰ্শকৰ গুলীবিদ্ধ মৃতদেহ থানাৰ ভিতৰতে উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিয়লি প্ৰায় ৩ বজাত আৰক্ষী সহঃ উপ–পৰিদৰ্শক গৌৰ বিধু সিঙে নিজৰ ছাৰ্ভিচ ৰিভলভাৰেৰে কপালৰ সন্মুখভাগত গুলীচালনা কৰে ।

ইয়াৰপিছতেই জিলাখনৰ আৰক্ষী অধীক্ষক লগে লগে ঘটনাস্থলীত উপস্থিত হয়। পিছত তেওঁৰ মৃতদেহ আৰক্ষী থানাৰ পৰা বাহিৰলৈ লৈ যোৱা হয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে CMCH লৈ প্ৰেৰণ কৰা হয়।
এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।

জানিব পৰা মতে, মৃত আৰক্ষী উপপৰিদৰ্শক গৌৰ বিধুৰ ঘৰ উধৰবন্দৰ মায়নাৰবন্দত। তেওঁ এএছআইৰ পদত কেইবা বছৰ ধৰি শিলচৰ সদৰ আৰক্ষী থানাত কৰ্মৰত আছিল।

মৃত্যুৰ সময়ত পত্নীৰ সৈতে দুজন পুত্ৰ আৰু এগৰাকী কন্যা এৰি থৈ যায় আৰক্ষীগৰাকীয়ে।