দক্ষিণ হাইলাকান্দিত ভয়ংকৰ অগ্নিকাণ্ড- জুইত জাহ গ’ল ২০খনকৈ দোকান
নিউজ ডেস্ক,২১ মাৰ্চঃ দক্ষিণ হাইলাকান্দিত ভয়ংকৰ অগ্নিকাণ্ড।দেওবাৰৰ নিশা প্ৰায় ২বজাৰত হাইলাকান্দিৰ ঘৰমুৰা বজাৰত সংঘটিত হৈছে এই ভয়াৱহ অগ্নিকাণ্ড।
এই অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ’ল ২০খন দোকান। লগতে প্ৰায় ৩০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভষ্মীভূত হয়।
প্ৰাথমিক তদন্তত কোনো তথ্য জানিব পৰা নাই। শ্বৰ্ট চাৰ্কিটৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি স্থানীয় লোকে সন্দেহ কৰে।
ইফালে অগ্নিনিৰ্বাপক বাহিনী সময়ত আহি নোপোৱাত স্থানীয় লোকসকল উত্তেজিত হৈ পৰে।