মহানগৰীৰ বেলতলাত পুনৰ চাঞ্চল্যকৰ ঘটনা

নিউজ ডেস্ক, ২০ মাৰ্চ : দিনক দিনে অপৰাধৰ ঘাটি লৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনাই কঁপাই তুলিছে সমগ্ৰ অঞ্চল। ফাকুৱাৰ আনন্দ উৎসাহৰ মাজতে মহানগৰীৰ বেলতলাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ঘৰৰ মালিকে ভাৰাতীয়াৰ জিয়ৰীক শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পৰিয়ালৰ লোকে।

উল্লেখযোগ্য যে, ঘৰৰ মালিকে ফাকুৱা খনাৰ চলেৰে ভাৰাতীয়াৰ ১৩ বছৰীয়া কিশোৰীক শ্লীলতা হানিৰ অভিযোগ তুলিছে। ৬৪ বছৰীয়া নৰেশ্বৰ কলিতা ওৰফে ধন কলিতাৰ বিৰুদ্ধে প্ৰতিবেশীৰো নানা অভিযোগ দীৰ্ঘ দিনীয়া। ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে নৰেশ্বৰ কলিতাক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।