চিৰাঙত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী

নিউজ ডেস্ক,২০ মাৰ্চঃ চিৰাঙৰ আই নৈৰ ওপৰত থকা হাগ্ৰামা দলঙত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দূৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় স্কুটী আৰোহী। দূৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ AS19 AC 3700।
নিহত হোৱা স্কুটি আৰোহী মহিলাগৰাকী দীপিকা নাৰ্জাৰী (৩৫) বুলি চিনাক্ত কৰা হৈছে । উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি হাগ্ৰামা দলঙত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।
একাংশ উত্তেজিত লোকে দলঙৰ সমীপত থকা আৰক্ষীৰ অস্থায়ী তালাচী চকীতো আক্ৰমণ কৰি ক্ষতিসাধন কৰে ৷
পিছত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷