Local, Vocal, Global

কুঁহিয়াৰৰ ৰস পান কৰি পাব পাৰে বহু ৰোগৰ পৰা পৰিত্ৰাণ

নিউজ ডেস্ক,২০ মাৰ্চ: এতিয়া গৰম দিন। উৎকট গৰমত দেহ মন শাত পেলাবলে সকলোৱে খাই কুঁহিয়াৰৰ ৰস । কিন্তু আপোনালোকে জানেনে কুঁহিয়াৰৰ ৰসে অকল তৃষাই দূৰ নকৰে ।

কুঁহিয়াৰৰ ৰসত থকা প্ৰচুৰ পৰিমানৰ এন্টি অক্সিডেন্টে দূষিত পদাৰ্থ সমূহ বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে। কুঁহিয়াৰৰ ৰসৰ উপকাৰীতা সমূহ হল-
1/ গ্ৰীষ্ম কালত ঘাম বেছি হয়। ফলত শৰীৰত পানীৰ পৰিমাণ কমি যায় ক্লান্তি ভাব আহে। কুঁহিয়াৰৰ ৰস পান কৰিলে কাৰ্বহাইড্ৰেট লাভ কৰাৰ ফলত শক্তি লাভ কৰা হয়।
2/ যকৃত বা লিভাৰ ভালে ৰাখিবলৈ কুঁহিয়াৰৰ ৰস অতি প্ৰয়োজনীয়।
3/ কুঁহিয়াৰৰ ৰসত থাকে হাইড্ৰক্সি এচিড। এইবিধ উপাদানে শালমনৰ সমস্যা দূৰ কৰাৰ লগতে উফি নাইকিয়া কৰে।
4/ কুঁহিয়াৰৰ ৰসত থকা প্ৰচুৰ পৰিমানৰ এন্টি অক্সিডেন্টে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।
5/ ডায়েবেটিছ ৰোগী সকলে সাধাৰণতে কুঁহিয়াৰৰ ৰসৰ পৰা আতৰি থকা দেখা যায়। কিন্তু বিভিন্ন গৱেষণাত পোৱা তথ্য মতে, আইচ’মেল্টজ নামৰ এবিধ উপাদান থাকে। যিবিধ উপাদানে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আনহাতে ডায়েবেটিছৰ ক্ষেত্ৰত তেজত শৰ্কৰাৰ মাত্ৰা হঠাতে কমিলে কুঁহিয়াৰৰ ৰস খাব পাৰে।