Local, Vocal, Global

হিজাব ৰায় প্ৰদান কৰা বিচাৰকসকলক ‘Y’ শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰ্ণাটক চৰকাৰৰ

নিউজ ডেস্ক,২০ মাৰ্চঃ দেওবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই হিজাবৰ ৰায় প্ৰদান কৰা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক মৃত্যুৰ ভাবুকি দিয়াৰ পিছত ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

বাংগালুৰুত সংবাদ মাধ্যমৰ আগত বাসৱৰাজ বোম্মাই কয় যে, ” আমি হিজাবৰ ৰায় দিয়া তিনিওজন ন্যায়াধীশক ‘Y’ শ্ৰেণীৰ নিৰাপত্তা দিয়াৰ সিদ্ধান্ত লৈছো। মই মহানিৰ্দেশক আৰু আইজিক আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ পুংখানুপুংখ তদন্ত কৰিবলৈ নিৰ্দেশ দিছো।

তিনিজন ন্যায়াধীশৰ ভিতৰত মুখ্য ন্যায়াধীশ ৰিতুৰাজ অৱস্থী, ন্যায়াধীশ কৃষ্ণ দিক্ষীত আৰু খাজি এম জয়বুন্নিছাক কোনো অচিনাক্ত দুৰ্বৃত্তই মৃত্যুৰ ভাবুকি দিছিল।

মুখ্যমন্ত্ৰী বোম্মাই ন্যায়াধীশসকলক ভাবুকি দিয়া তিনিজন অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনায়।
ঘটনাটোক গৰিহণা দি বোম্মাই কয় যে, “সম্প্ৰদায়ৰ পক্ষত থকাটো ধৰ্মনিৰপেক্ষতা নহয়, সেয়া হৈছে সাম্প্ৰদায়িকতা। মই ইয়াক গৰিহণা দিছো, আমি সকলোৱে একেলগে থিয় হোৱা উচিত। চৰকাৰে ইয়াক গৰিহণা দিব।”
উল্লেখ্য যে, কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিক্ষা প্ৰতিষ্ঠানসমূহত হিজাবৰ ওপৰত নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনোৱা বিভিন্ন আৱেদন খাৰিজ কৰে আৰু কয় যে হিজাব পিন্ধাটো ইছলামৰ এক অপৰিহাৰ্য ধৰ্মীয় প্ৰথা নহয়।