Local, Vocal, Global

ৰেগিঙৰ অপৰাধত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰক বহিষ্কাৰ

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ৰেগিঙৰ অপৰাধত বহিষ্কাৰ দুজন ছাত্ৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ঘটনা। বহিষ্কৃত ছাত্ৰ দুজন ঋতুপৰ্ণ দাস আৰু কিংকু শইকীয়া বুলি জানিব পৰা গৈছে।

ইফালে বহিষ্কৃত ছাত্ৰ ঋতুপৰ্ণ দাসে ২০২১-২০২২ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সহকাৰী সাধাৰণ সম্পাদক পদত জয়ী হৈছিল।

এজন জুনিয়ৰ ছাত্ৰক ৰেগিং কৰাৰ অভিযোগত ছাত্ৰ দুজনক দুবছৰৰ বাবে বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাননীযোগে এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কাৰিকৰী ও প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ এই দুগৰাকী পঞ্চম ষান্মাসিকৰ ছাত্ৰয়ে গুৰুপ্ৰসাদ দাস ছাত্ৰ নিবাসত এজন কনিষ্ঠ ছাত্ৰক ৰেগিঙৰ নামত শাৰিৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।