ৰাইজে খেদি খেদি আটক কৰিলে ড্ৰাগছ আসক্ত যুৱকক

নিউজ ডেস্ক, ১৭ মাৰ্চ : বৰ্তমান ড্ৰাগছৰ বিৰুদ্ধে অধিক সৰব হৈ পৰিছে অসম পুলিচ । লখিমপুৰ জিলাৰ বৰছলাত ড্ৰাগছ আসক্ত যুৱকক আটক কৰে আৰক্ষীয়ে । স্থানীয় ৰাইজৰ সহযোগত আটক ড্ৰাগছ আসক্ত যুৱক ৰশ্বিদুল ইছলাম ।
উল্লেখযোগ্য যে, নাঁওবৈচা আৰক্ষী চকীৰ অন্তৰ্গত বৰছলাৰ লতামাৰিত প্ৰায় ৮ জন মান যুৱকৰ দলে সেৱন কৰি আছিল মাৰাত্মক ড্ৰাগছ। স্থানীয় ৰাইজে খবৰটো পোৱাৰ পিছত ড্ৰাগছ আসক্ত যুৱকক ধৰিবলৈ চেষ্টা কৰিছিল যদিও এজনক কৰায়ত্ত কৰাৰ লগতে বাকী কেইজন পলাই যাবলৈ সক্ষম হয়।

ৰাইজৰ অভিযোগ, ছামচুল ইছলাম নামৰ এজন ড্ৰাগছ মাফিয়াই দীৰ্ঘদিন ধৰি বৰছলা অঞ্চলত চলাই আহিছিল ড্ৰাগছৰ মাৰাত্মক বেহা । মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী একাংশ ৰাইজৰ । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজ তথা আমছুৰ নেতা কৰ্মীয়ে খবৰ দিয়ে আৰক্ষীক ।