Local, Vocal, Global

২০২২ বৰ্ষৰ বাজেট দাখিল বিত্ত মন্ত্ৰী অজন্তা নেওগৰ

নিউজ ডেস্ক, ১৬ মাৰ্চ : বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিছে ২০২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট। ২০২০-২১ বৰ্ষৰ বাজেট ধাৰ্য ১,০৫,২৪৬ কোটি টকাৰ মাত্ৰ ৮৭,৩৫৪ কোটি টকাহে ব্যয় হোৱা বুলি জানিব পৰা গৈছে। বিয়লি ৪ বজাত বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে –

১. প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৰাজ্যত ২৮হাজাৰ কিঃমিঃতকৈ অধিক পথৰ কাম সম্পূৰ্ণ কৰা হৈছে।

২. পকী পথ নিৰ্মাণ আচঁনিৰ অধীনত ২,৫৫০কোটি টকাৰ ব্যয়েৰে ৩হাজাৰ কিঃমিঃ উপযোগী পথ নিৰ্মাণৰ প্ৰস্তাৱ।

৩. মথাউৰি পকীকৰণ আচঁনিৰ জৰিয়তে ১১০৭.৮ কোটি টকা ব্যয়েৰে নদী-মথাউৰিৰ ওপত ৫০০কিঃমিঃ দৈঘ্যৰ পথ নিৰ্মাণৰ প্ৰস্তাৱ।

৪. লখিমপুৰ আৰু যোৰহাটত দলং নিৰ্মাণৰ বাবে মাজুলী আৰু বিহপুৰীয়া নিমাতীৰ সৈতে সংযুক্ত হব।

৫.ৰেলৱেৰ সৈতে ৫০ঃ৫০ অনুপাত অংশ ব্যয়েৰে ১৯খন অভাৰব্ৰীজ নিৰ্মাণৰ প্ৰস্তাৱ।

৬. গুৱাহাটী মহানগৰীৰ যান-যটঁ লাঘৱ কৰিবলৈ গোপীনাথ বৰদলৈ পথৰ ওপৰত নতুন উত্তোলিত পথ নিৰ্মাণৰ প্ৰস্তাৱ।

৭. ৰূপচী বিমান বন্দৰৰ সামগ্ৰীক উন্নয়ন আৰু সম্প্ৰসাৰণৰ বাবে ১৮০একৰ বনভূমি জাননী প্ৰত্যাহাৰৰ সিদ্ধান্ত।

৮. শংকৰদেৱৰ জীৱন পৰিক্ৰমাৰে সম্পৰ্কিত সকলো পৱিত্ৰ স্থানক সামৰি উন্নয়নৰ প্ৰস্তাৱ।.

৯. লাচিত বৰফুকনৰ স্মৃতিত আৰু আহোম সেনাৰ বীৰত্বক প্ৰতিফলিত কৰিব পৰাকৈ কামৰূপৰ আলাবৈত ১০০ফুট দৈঘ্যৰ এখন দীঘল হেংদাং নিৰ্মাণৰ প্ৰস্তাৱ।

১০. যোৰহাটৰ লাচিত বৰফুকনৰ সমাধি সংৰক্ষণ, ১৫০ ফুট দৈঘ্যৰ বঞ্জ মূৰ্তি স্থাপন, লাচিত বৰফুকনক লৈ ডিজিটেল তথ্যচিত্ৰ নিৰ্মাণ, দিল্লী আৰু মুম্বাইত লাচিত বৰফুকন স্মাৰক বক্তত্বা অনুষ্ঠানৰ আয়োজনৰ প্ৰস্তাৱ।

১১. মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ মেৰামতি আৰু তত্বাৱধানৰ প্ৰস্তাৱ।

১২. উত্তৰ পূব মুক্তিযোদ্ধা স্মাৰক উদ্যান হিচাপে যোৰহাট কাৰাগাৰক উন্নীত কৰণৰ প্ৰস্তাৱ।

১৩.পৰ্যটকক আকৰ্ষণ কৰিবলৈ ৰংঘৰত পোহৰ আৰু শব্দৰ সমাহাৰে আহোম ৰাজবংশৰ ঐতিহ্য প্ৰৰ্দশনৰ ব্যৱস্থা।

১৪. প্ৰতিমা বৰুৱা সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱ।

১৫. শংকৰদেৱ কলাক্ষেত্ৰত ৫০০০ দৰ্শক বহিব পৰা প্ৰেক্ষাগৃহ নিৰ্মাণৰ চিন্তা-চৰ্চা।

১৬. অসম দৰ্শনৰ অধীনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নামঘৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে পুজিঁ আৱন্টনৰ প্ৰস্তাৱ।

১৭. ১লাখ যুৱক-যুৱতীলৈ নিযুক্তিৰ প্ৰস্তাৱ। ৩১মাৰ্চ ২০২২ৰ পূৰ্বে এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হব। কোন বিভাগত কিমান পদ খালী আছে সেই সন্দৰ্ভতো তালিকা প্ৰকাশ।

১৮.অৰণোদয় আচনিৰ ধন ১২৫০টকালৈ বৃদ্ধি।

১৯. থলুৱা খেল-ধেমালিৰ বিকাশ আৰু বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰাৰ বাবে চৰকাৰে লব ব্যৱস্থা।

২০. উত্তৰপূবৰ খিলঞ্জীয়া আৰু জনজাতি সংস্কৃতি আৰু ক্ৰীড়া মহোতসৱ আয়োজনৰ প্ৰস্তাৱ। ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ১০কোটি টকা।

২১. চাহ বাগানৰ অধীনস্থ ৪৩৬খন বিদ্যালয় চৰকাৰী পৰিচালনালৈ অনাৰ ব্যৱস্থা ।

২২. অসমৰ চাহ নিগন পৰিসীমিত নিবিনিয়োজনৰ বাবে ১৪২.৫০কোটি টকাৰ আৱন্টন।

২৩. ৰাজ্যৰ ৫ জনগোষ্ঠী, টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু কোঁচ ৰাজবংশীৰ উন্নয়নৰ বাবে ১২৫কোটি টকা ধাৰ্য।

২৪. জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে সুসংহত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি।

২৫.খিলঞ্জীয়া লোকৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা ভূমি সুৰক্ষা সুৰক্ষিত কৰিবলৈ অসম ভূমি নীতি ২০১৯ৰ সংশোধনৰ ব্যৱস্থা।খিলঞ্জীয়া পৰিয়ালে ৮ বিঘা ভূমি চিলিঙৰ উৰ্ধসীমা ৫০বিঘা পৰ্যন্তলৈ বৃদ্ধিৰ প্ৰস্তাৱ।

২৬. বিটিআৰত ১০ মহাবিদ্যালয় প্ৰাদেশিকৰণৰ প্ৰদক্ষেপ।

২৭. প্ৰজ্ঞান ভাৰতীৰ আচঁনিৰ জৰিয়তে স্নাতক মহাবিদ্যালয়, চিকিতসা মহাবিদ্যালয় আৰ পলিটেকনিক শিক্ষাৰ্থীসকলৰ প্ৰতিমাহে হোষ্টেল মাচুল ২০০০টকা ৰেহাইৰ প্ৰস্তাৱ।

২৮. দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নামভৰ্তি মাচুল ৰেহাই অব্যাহত।

২৯. উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীলৈ স্কুটাৰ প্ৰদানৰ কথা ঘোষণা। স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰীসকলে প্ৰতিবছৰে ১০হাজাৰ টকাকৈ যাতায়তৰ খৰচ লাভ কৰিব।

৩০. হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীণ যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে অব্যাহত থাকিব আনন্দৰাম বৰুৱা বটা। শিক্ষাবিদ, কেৰিয়াৰ পৰামৰ্শদাতাৰে মত বিনিময়ৰ সুযোগ দিয়াৰ লগতে এনে সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীক পুথি ক্ৰয় আৰু যাতায়তৰ বাবে ২০০০টকাকৈ প্ৰদান কৰাৰ প্ৰস্তাৱ।

৩১. কাজিৰঙাৰ পৰা কাৰ্বি আংলঙলৈ পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বন্য জন্তুৰ সুৰক্ষা নিশ্চিত কৰিব ৩৫ কিঃমিঃ দৈঘ্যৰ এটা কৰিডৰ আৰু সুৰংগৰ সৈ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ প্ৰস্তাৱ।

৩২. অসম কৃষি বন উন্নয়ন বৰ্ড স্থাপনৰ বাবে ১০কোটি টকাৰ প্ৰস্তাৱ।

৩৩. ১০খন কৰ্কট চিকিতসালয়ৰ নিৰ্মাণ কাৰ্য চলি আছে। ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান গুৱাহাটী ২০২২ৰ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।

৩৪. শিৱসাগৰ, কৰিমগঞ্জ আৰু গোৱালপাৰাত ৩খন নতুন মেডিকেল কলেজ স্থাপনৰ প্ৰস্তাৱ।

৩৫. মিছন বসুন্ধৰালৈ ৭৫কোটি টকা ধাৰ্য।

৩৬. কৰ্মচাৰীসকলৰ মৰগীয়া বানচ আৰু ৩শতাংশ বৃদ্ধিৰ ঘোষমা কৰা হৈছে।

৩৭. পেঞ্চন সম্বন্ধীয় তথ্য অনলাইনত চাবলৈ কৃতজ্ঞতা নামৰ পৰ্টেলৰ আৰম্ভ।

৩৮. ৰাজ্যৰ ১০হাজাৰ আদৰ্শ অংগনৱাডী কেন্দ্ৰই পোনপতীয়াকৈ ভাৰতীয় খাদ্য নিগমৰ চাউল ক্ৰয় কৰিব।

৩৯. মুখ্যমন্ত্ৰী সৌৰশক্তি প্ৰকল্প আৰম্ভণিৰ প্ৰস্তাৱ।

৪০. ৬খন বিশ্ববিদ্যালয়ৰ বাবে প্ৰতিখনকে ৫০কোটিকৈ টকাকৈ ধাৰ্য।

৪১. ভাষা গৌৰৱ আচনিৰ বাবে ২৮.৮ কোটি টকা ধাৰ্য।

৪২. অসম পৰিয়াল পৰিচয় পত্ৰ প্ৰৱৰ্তনৰ প্ৰস্তাৱ।

৪৩.ক্ৰীডা় আন্তঃগাথনি উন্নয়নৰ বাবে আমিন গাঁৱত থকা ৰাজীৱ গান্ধী ইনডৰ ষ্টেডিয়ামক বিশ্বমানৰ কৰি তোলাৰ পদক্ষেপ।

৪৪. ৰাজ্যৰ সকলোবোৰ আৱৰ্তভৱন সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰতিশ্ৰুতি।

৪৫. গৰুখুটি প্ৰকল্পৰ বাবে আৰু ৫০০জনী গীৰ গাই অনাৰ প্ৰস্তাৱ।

৪৬. পৌৰসেৱা কেডাৰ গঠনৰ প্ৰস্তাৱ।

৪৭. জলবায়ু অনুকূল গাওঁ নিৰ্মাণৰ উপায় উদঘাটনৰ বাবে এক ফেলশ্বিপ কাৰ্যসূচীৰ ব্যৱস্থা।

৪৮. এক জিলা, এক উতপাদন অভিযানেৰে সামৰ্থ অনুসৰি এবিধ সামগ্ৰী উতপাদনৰ লক্ষ্য।

৪৯. কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধিৰ বাবে ১৮২৩.১৩কোটি টকাৰ প্ৰস্তাৱ।

৫০. গুৱাহাটীত ১০০খন CNG বাছসেৱাৰ প্ৰস্তাৱ।