Local, Vocal, Global

জামুগুৰিহাটত যুৱকৰ আত্মহনন

নিউজ ডেস্ক, ১৬ মাৰ্চ : জামুগুৰিহাটৰ সমীপৰ চতিয়াৰ হাজাৰিমলৰ এজন যুৱকে মংগলবাৰে নিশা নিজ বাসগৃহত চিপলৈ আত্মহত্যাৰ পথ বাচি লয়। মৃত যুৱকজনৰ নাম নয়নজিৎ বৰুৱা।

খবৰ অনুসৰি, কোনো অজ্ঞাত ব্যক্তিয়ে ধন নিদিলে চচিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছিল আৰু তাৰপিছত ভিডিঅ’ ক’ল যোগেদি ব্লেকমেইল কৰাৰ বাবে আত্মহত্যাৰ পথ বাচি লয় যুৱকজনে।

ইতিমধ্যে, পৰিয়ালৰ লোকে চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। সম্প্ৰতি আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয় লৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। এই কৰুণ ঘটনাই সমগ্ৰ চতিয়া অঞ্চলত শোঁকৰ ছাঁ পেলাইছে।