Local, Vocal, Global

গোলাঘাটত ভয়ংকৰ অগ্নিকাণ্ড-জুইত জাহ গ’ল ৯খনকৈ দোকান, দুটাকৈ ঘৰ

নিউজ ডেস্ক,১৬ মাৰ্চঃ বুধবাৰে পুৱা গোলাঘাট নগৰৰ অমোলাপট্টি পাঁচআলিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জুইত জাহ গ’ল দুটাকৈ ঘৰ, প্ৰায় ৯খন দোকান আৰু এখন চাৰিচকীয়া বাহন।
এই ঘটনাৰ পিছতেই গোলাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

ইয়াৰপিছতেই অগ্মিনিৰ্বাপক বাহিনীয়ে প্ৰায় আধা ঘণ্টা ধৰি চেষ্টা চলোৱাৰ পিছত জুই নুমুৱাবলৈ সক্ষম হয়।

এই অগ্নিকাণ্ডৰ সম্পৰ্কে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, চৰ্ট চাৰ্কিটৰ ফলত প্ৰথমে চাংঘৰত অগ্নি সংযোগ হয় আৰু জুইৰ লেলিহান শিখাই নিমিষতে বিয়পি পৰি কাষতে থকা দুটাকৈ ঘৰ, ৯খন দোকান আৰু চাৰিচকীয়া এখন বাহন সম্পূৰ্ণৰূপে জুইত জাহ যায়।