আজিৰ পৰা ১৩ লাখ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদান

নিউজ ডেস্ক,১৬ মাৰ্চঃ ১২ বছৰৰ পৰা ১৪ বছৰৰ শিশুৰ বাবে সুখবৰ। বুধবাৰৰ পৰা অসমতো কিশোৰ-কিশোৰীসকলক ক’ভিড প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছে। আজি পুৱা ৮.২০ বজাৰ পৰা গুৱাহাটীৰ ৰুক্মিণী গাঁও বালিকা বিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই অভিযান মুকলি কৰে।
অসমত এই অভিযানৰ জৰিয়তে ২০১০ চনৰ ১৬ মাৰ্চৰ পৰা পূৰ্বে জন্মগ্ৰহণ কৰা ১২-১৪ বছৰ বয়স সীমাৰ ১৩.৪৮ লাখ কিশোৰ-কিশোৰীক ক’ৰ্বেভেক্স নামৰ ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰিব।
আনহাতে, শিক্ষানুষ্ঠানত নথকা কিশোৰ-কিশোৰীসকলে ঘৰৰ ওচৰৰ চৰকাৰী ক’ভিড প্ৰতিষেধক কেন্দ্ৰত আজিৰ পৰা এই টীকা গ্ৰহণ কৰিব পাৰিব।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰে অভিভাৱকসকলক এই বয়সসীমাৰ ভিতৰৰ নিজৰ সন্তানক ক’ভিডৰ প্ৰতিষেধক দিয়াবলে আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়।