ক্ষেত্ৰীত গৰু ভৰ্তি ট্ৰাকসহ ৩জনক আটক

নিউজ ডেস্ক,১৫ মাৰ্চঃ মঙ্গলবাৰে পুৱা ক্ষেত্ৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৩খন গৰুভৰ্তি ট্ৰাক ক্ষেত্ৰী আৰক্ষীয়ে জব্দ কৰে।
ক্ষেত্ৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত উজনিৰ ভিন্ন প্ৰান্তৰ পৰা মেঘালয়লৈ নি থকাৰ সময়তে গৰুভৰ্তি ট্ৰাককেইখন জব্দ কৰে। আৰক্ষীয়ে এই অভিযানত ৬৩টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয়।
ক্ষেত্ৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীৰ নেতৃত্বত এই অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে মৰিগাঁৱৰ ভুৰাগাঁৱৰ চাদ্দাম হুছেইন, ফৰিদুল ইছলাম আৰু নগাঁৱৰ চাহি উল্লা আৰু ৰহম আলীক আটক কৰে।
গৰু কঢ়িয়াই অনা ট্ৰাক তিনিখনৰ নম্বৰ হ’ল- AS 02 CC 3977, NL 01 G 6806 আৰু AS 02 CC 7019।