Local, Vocal, Global

আজিৰে আৰম্ভ হ’ব পৰা বাজেট অধিৱেশন- উত্থাপন হ’ব ১৩ বিধেয়ক

নিউজ ডেস্ক,১৪ মাৰ্চঃ আজিৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। এই বাজেট অধিৱেশন ১৪ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ মুঠ ১১ দিন চলিব।

অহা ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ বাজেট। এইবৰ্ষৰ এই বাজেট অধিৱেশনত মুঠ ১৩খন বিধেয়ক উত্থাপন হ’ব।

ইয়াৰ ভিতৰত আছে দুখন নতুন বিধেয়ক। উত্থাপন হ’ব লগা এই বিধেয়কসমূহৰ ভিতৰত আছে বিত্ত বিভাগৰ তিনিখন সংখ্যালঘু কল্যাণ আৰু উন্নয়ণ বিভাগৰ এখন, সমাজ কলাণ বিভাগৰ দুখন, গৃহ আৰু নগৰ উন্নয়ণ বিভাগৰ দুখন, উদ্যোগ বিভাগৰ এখন, গৃহ বিভাগৰ এখন, বন বিভাগৰ এখন আৰু আবকাৰী বিভাগৰ দুখন।

ইফালে বাজেট অধিৱেশন সুকলমে অনুষ্ঠিত কৰাৰ বাবে বিধানসভা সচিবালয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে শাসক-বিৰোধী সকলো বিধায়কৰ সহযোগিতা কামনা কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দেওবাৰে এক সৰ্বদলীয় বৈঠকৰো আয়োজন কৰে।