Local, Vocal, Global

চীনত ক’ৰণাৰ দ্ৰুত সংক্ৰমণ-এদিনত ৩,৩০০ গৰাকী নতুনকৈ আক্ৰান্ত

নিউজ ডেস্ক,১৩ মাৰ্চঃ চীনত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। শনিবাৰে চীনত ৩,৩০০ গৰাকীৰো অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে।

চীনত বিগত দুবছৰৰ ভিতৰত এয়াই হৈছে ক’ভিডত আক্ৰান্তৰ সৰ্বাধিক সংখ্যা।

কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চীনে বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও শেহতীয়াকৈ দেশখনৰ বিভিন্ন ঠাইত ধাৰাবাহিকভাৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে কেতবোৰ বিশেষ নিষেধাজ্ঞা আৰোপ কৰিছে।

ইতিমধ্যেই চীনৰ জিলিন আৰু চাংচুন চহৰত লকডাউন ঘোষণা কৰা হৈছে।