আজৱ ঘটনা- ফোনতে ৩ তালাক কৈ পত্নীক এৰিলে পতিয়ে

নিউজ ডেস্ক, ১৩ মাৰ্চঃ হোজাইৰ মোৰাঝাৰত আজৱ ঘটনা। যিসময়ত ভাৰতীয় সংবিধানত নিষিদ্ধ কৰা হৈছে ৩ তালাক। সেইসময়তে হোজাইৰ মোৰাঝাৰত সংঘটিত হৈছে ৩ তালাকৰ ঘটনা।
স্বামীয়ে পত্নীক ফোনযোগে দিলে ৩ তালাক। ফোনযোগে ৩ তালাক দিয়া মহিলাগৰাকীৰ বিবাহ হৈছিল মোৰাঝাৰৰ দক্ষিণ নোৱাবিলয ইছলাম উদ্দিন নামৰ এজন লোকৰ সৈতে।
বিগত ১৫ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী। চাৰি সন্তানৰ মাতৃ মহিলাগৰাকীক স্বামী ইছলাম উদ্দিনে বিভিন্ন সময়ত যৌতুকৰ বাবেও নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰে।
ইপিনে ইছলাম উদ্দিনে আন এগৰাকী মহিলাকো বিবাহ কৰি দ্বিতীয় পত্নীক লগত লৈ শাৰীৰিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰে মহিলা গৰাকীয়ে।
অৱশেষত উপান্তৰ হৈ স্বামী ইছলাম উদ্দিনৰ বিৰুদ্ধে মোৰাঝাৰ থানাত গোচৰ ৰুজু কৰি উচিত ন্যায়ৰ দাবী উত্থাপন কৰে মহিলাগৰাকীয়ে।