কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান যমুনামুখৰ এগৰাকী যুৱতীৰ

নিউজ ডেস্ক,১২ মাৰ্চঃ হোজাইত সংঘটিত হৈছে মানৱ সৰবৰাহৰ ভয়ংকৰ ঘটনা। যমুনামুখৰ এগৰাকী যুৱতীক দুষ্ট চক্ৰই ওমানৰ আৰৱীৰ ওচৰত বিক্ৰী কৰে৷ ইমৰাণ ওৰফে ছেলিম নামৰ এজন যুৱকে যুৱতীগৰাকীক বিক্ৰী কৰাৰ অভিযোগ তুলিলে খোদ যুৱতীগৰাকীৰ লগতে ভগ্নীয়ে৷
শনিবাৰে, যুৱতীগৰাকীয়ে কান্দি কান্দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই কয় যে, ‘বেয়া কাম নকৰিলে আৰৱীয়ে মোক মাৰধৰ কৰে। মই এতিয়া ওমানত আছো, ইমৰাণে মোক ২ লাখ টকাত বিক্ৰী কৰি দিলে। মুখ্যমন্ত্ৰী মহোদয় মোক উদ্ধাৰ কৰক।’
ইমৰানে মৰিগাঁও, নগাঁওৰ পৰা বহু যুৱতী চৌদি আৰৱ, ডুবাই, ওমান, কাটাৰ, বাহৰেইন আদি দেশলৈ ৰপ্তানি কৰি আহিছে। মহিলাক ব্লেকমেইলিং কৰি বিদেশলৈ নি আৰক্ষীৰ হাতত পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল ইমৰান ওৰফে ছেলিম।
উল্লেখ্য যে, যমুনামুখৰ এৰাকপিলী গাঁৱৰ আজিৰ উদ্দিনৰ কন্যা ৰেশ্মিনা বেগমক চৌদি আৰৱৰ ওমানত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে খোদ ৰেশ্মিনাই। ইফালে, ভুক্তভোগী যুৱতীৰ পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে বুলিও জানিব পৰা গৈছে। ৰেশ্মিনাৰ অভিযোগৰ পাছতেই পিতৃ-মাতৃ আৰু জ্যেষ্ঠ ভাতৃক যমুনামুখ থানাত সোধপোচ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।