Local, Vocal, Global

মহানগৰীত ভু-মাফিয়াই ঘপিয়ালে পিতৃ, কন্যাক- সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

নিউজ ডেস্ক, ১২ মাৰ্চঃ শনিবাৰে দিনৰ ভাগত মহানগৰীৰ বিৰুবাৰীত দুৰ্বৃত্তৰ দাৰ আক্ৰমণত গুৰতৰভাৱে আহত হয় পিতৃ,কন্যা।

দুৰ্বৃত্তই দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে পিতৃ সত্যব্ৰত ভৰালী আৰু তেওঁৰ কন্যা মৌচুমী ভঁৰালীক৷ এই ঘটনা সংঘটিত কৰা দুৰ্বৃত্তটো গুড্ডু সিং বুলি জানিব পৰা গৈছে৷ নৃশংস ঘটনাৰ বলি হোৱা পিতৃ-কন্যাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

ঘটনাস্থলীত পল্টনবজাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে এই তদন্ত৷ আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত মাটি দখল কৰিবলৈ অহাৰ বাবেই গুড্ডু বাহিনীয়ে এই ঘটনা সংঘটিত কৰিছিল বুলি জানিব পৰা গৈছে৷ পৰিয়ালটোক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ভূ-মাফিয়াৰ দলটোৱে৷ অনুসন্ধানত আৰক্ষীয়ে ঘটনাত ব্যৱহৃত ‘দা’খন উদ্ধাৰ কৰিছে যদিও ঘটনাৰ সৈতে জড়িত কোনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই