Local, Vocal, Global

কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত ৪ জন সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ১২ মাৰ্চঃ শনিবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা, গান্দেৰৱাল আৰু হান্দৱাৰাত কেইবাটাও সংঘৰ্ষ সংঘটিত হয় । আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত চাৰিজনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু ঘটে ।

এই অঞ্চলসমূহত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত জৈইচ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ চাৰিজনকৈ সন্ত্ৰাসবাদী নিহত হয় ।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে সদৰী কৰা অনুসৰি, পাঁচটাকৈ স্থানত আৰক্ষীয়ে সেনাৰ সৈতে লগ হৈ সন্ত্ৰাসবাদী বিৰোধী যৌথ অভিযান চলাইছিল ।

বিজয় কুমাৰে মতে, পুলৱামাত জৈইচ-ই-মহম্মদৰ দুজন সন্ত্ৰাসবাদী, গান্দেৰবালত এলইটিৰ এজন আৰু হান্দৱাৰাত এলইটিৰ আন এজন সন্ত্ৰাসবাদী নিহত হৈছে । বৰ্তমান উক্ত স্থানবোৰত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।