Local, Vocal, Global

অনা অসমীয়াক অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী পদত নিযুক্তিৰ বিৰোধিতা- আলফা স্বাধীনৰ প্ৰতিবাদৰ আহ্বান

নিউজ ডেস্ক,১০ মাৰ্চঃ  অসমত থকা তৈল প্ৰতিষ্ঠানত বহিঃৰাজ্যৰ ব্যক্তিক নিযুক্তি প্ৰদান কৰা বিষয়ক কেন্দ্ৰ কৰি সংযুক্ত মুক্তি বাহিনী অসমে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে। সংগঠনটোৱে অসমৰ তৈল প্ৰতিষ্ঠানত বহিঃৰাজ্যৰ ব্যক্তিক নিযুক্ত প্ৰদান কৰা বিষয়কটোক সমৰ্থন কৰিব নোৱাৰি বুলি উল্লেখ কৰি এই নিযুক্তি বাতিল কৰিবলৈ দাবী কৰিছে।
অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন পদত স্থানীয় যোগ্য লোকক নিযুক্তি দিয়াৰ ক্ষেত্ৰত অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষক হেচা দিয়াৰ বাবে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা আদিৰ দৰে আঞ্চলিক শক্তি সমূহক আহ্বান জনাইছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।

অইল ইণ্ডিয়াই ড০ ৰঞ্জিত ৰাথক অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্য্যবাহী হিচাপে নিযুক্তি দি অসমৰ ৰাইজক প্ৰতাৰণা কৰিছে বুলি পৰেশ বৰুৱাই কয়।

বিগত বৰ্ষত আলফা স্বাধীনে অ’এনজিচি, আইঅ’চিএল আদিত ৯৫ শতাংশ থলুৱাৰ নিযুক্তিৰ দাবী জনাইছিল। এক জাননীত আলফা স্বাধীনে অসমত চলি থকা ৰাজহুৱা প্ৰতিষ্ঠানকেইটাৰ ওচৰত সাতটা দাবী উত্থাপন কৰে।

জাননীত আলফা স্বাধীনে যদিহে তেওঁলোকৰ দাবী সমূহ মানি লোৱা হয় তেতিয়াহ’লে তেওঁলোকে সামৰিক অভিযানৰ পৰা বিৰত থাকিব বুলিও উল্লেখ কৰে। আলফা স্বাধীনে অইল ইণ্ডিয়া লিমিটেডক এজন যোগ্য খিলঞ্জীয়া লোকক প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী হিচাপে নিযুক্তি দিয়াৰ বাবেও দাবী জনায়।

পৰেশ বৰুৱাই প্ৰেছ বিজ্ঞপ্তিত কয় যে- “বিগত বৰ্ষত অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ দাবী সমূহ পুৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু অইল ইণ্ডিয়া লিমিটেডে মুখ্য মন্ত্ৰী আৰু ৰাজ্যৰ জনসাধাৰণক পুনৰ প্ৰতাৰণা কৰিলে। আলফা স্বাধীনে অইল ইণ্ডিয়া লিমিটেডক নিজৰ সিদ্ধান্ত সলনি কৰি এজন যোগ্য খিলঞ্জীয়া লোকক মুখ্য কাৰ্য্যবাহী হিচাপে নিযুক্তি দিয়াৰ বাবে দাবী জনাইছো”।