বকোত শোকাবহ দূৰ্ঘটনা-নদীত গা ধুবলৈ যাওতেই নাবালকৰ মৃত্যু
নিউজ ডেস্ক,১০ মাৰ্চঃ বৃহস্পতিবাৰে কামৰূপ জিলাৰ বকোৰ চমৰিয়াত এক শোকাবহ দূৰ্ঘটনা সংঘটিত হয়। নদীত গা ধুই থাকোতে ডুব যায় এজন নাবালক।
১৫ বছৰীয়া ল’ৰাটোৱে মোৰাকলাহী নদীত গা ধুবলৈ গৈ নদীত ডুব যায়।
মৃত ল’ৰাটো মৌচম বৰা বুলি জানিব পৰা গৈছে। মৌচম বৰা চমৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল।
উল্লেখ্য যে, স্থানীয় লোকে গা ধুবলৈ যাওতে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।