Local, Vocal, Global

মাটি কঢ়িওৱা ট্ৰেক্টৰে মহতিয়ালে দুটিকৈ কিশোৰীক- থিতাতে নিহত ১

নিউজ ডেস্ক,৯ মাৰ্চঃ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ বৰিবজাৰ আৰক্ষীচকীৰ অন্তৰ্গত পাৰালিগুৰি গাঁৱত এক ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয়। এই দূৰ্ঘটনাত থিতাতে নিহত হয় এজনী ৯ বছৰীয়া কিশোৰী আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন এগৰাকী কিশোৰী। আঘাতপ্ৰাপ্ত হোৱা কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰা হয়।

মাটি কঢ়িয়াই নিয়া গাড়ীখনৰ নম্বৰ-AS-21-AC-0765। ট্ৰেক্টৰ চালকজনক স্থানীয় ৰাইজে আটক কৰি বৰিবজাৰ আৰক্ষীক চমজাই দিয়ে। ইপিনে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে যে অবৈধভাৱে মাটি কঢ়িয়াই নি দূৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ বিৰুদ্ধে উচিত তদন্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনায়।