হোজাই বন বিভাগৰ বৃহৎ অভিযান
নিউজ ডেস্ক,৯ মাৰ্চঃ হোজাই বন বিভাগৰ বৃহৎ অভিযান। এই অভিযানত হোজাই বন বিভাগে মৌৰাজাৰৰ কৰৈজাৰৰ পৰা এটা বেঞ্চ মিল জব্দ কৰিবলৈ সক্ষম হয়। পুৱতি নিশা বন সুৰক্ষা বিষয়া মহেশ নাথৰ নেতৃত্বত এই অভিযান চলে।
অভিযানত জব্দ কৰা বেঞ্চ মিলটোৰ মূল্য প্ৰায় ডেৰ লাখ টকা বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, হোজাইৰ ভিন্ন প্ৰান্তৰ পৰা অভিযান চলাই বিগত জানুৱাৰীৰ পৰা ৩৬ টাকৈ অবৈধ বেঞ্চ মিল জব্দ কৰিবলৈ সক্ষম হয় হোজাই বন বিভাগে।