Local, Vocal, Global

জাগীৰোত ভয়ংকৰ পথ দূৰ্ঘটনা- এগৰাকী মহিলাসহ শিশু নিহত

নিউজ ডেস্ক,৯ মাৰ্চঃ বুধবাৰে জাগীৰোডৰ ধৰমতুল শান্তিপুৰত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী আল্ট্ৰা বাছ এখনে মহতিয়াই নিয়ে শিশু আৰু মহিলাক। ধৰমতুলৰ শান্তিপুৰত মহিলাগৰাকীয়ে এটি শিশুসহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ সময়তেই এই শোকাবহ পথ দূৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

এই পথ দূৰ্ঘটনাত ২৩ বছৰীয়া জানমণি দাস আৰু ৩ বছৰীয়া মণ্টুমণি দাস নিহত হয়। দূৰ্ঘটনা সংঘটিত কৰা আল্ট্ৰা বাছখনৰ নম্বৰ AS-01NC-2408। বৰ্তমান আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ প্ৰেৰণ কৰে।