Local, Vocal, Global

লামডিঙত বুজন পৰিমাণৰ বিস্ফোৰক জব্দ

নিউজ ডেস্ক,৮ মাৰ্চঃ লামডিং ৰে’ল আৰক্ষীৰ বৃহৎ সফলতা। লামডিং ৰে’ল আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী। ৫৮০ ষ্টিক জিলেটিনসহ বৈদ্যুতিক তাঁৰৰ লগতে আটক কৰে ১জনক।
      

লামডিং ৰে’ল আৰক্ষীয়ে ৪নং প্লেটফ’ৰ্মত থকা জিৰণি চৰাইৰ পৰা লোকজনক আটক কৰে। আটকাধীন লোকজন হাফলঙৰ জনহামাং থাংছাং পাৰাটে বুলি জানিব পৰা গৈছে। বৃহৎ সংখ্যক বিষ্ফোৰক সামগ্ৰীবোৰ ডিমাপুৰলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল।