Local, Vocal, Global

৮৩ কেজি পহুৰ মাংসৰ সৈতে চোৰাং চিকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক, ৮ মাৰ্চ : চিৰাঙত পহু চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিৰাঙ আৰক্ষীয়ে। এক বিশেষ সুত্ৰৰ পোম খেদি চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দমদম বজাৰ এলেকাত এচএচবিৰ ১৫ নং বেটেলিয়ানে অভিযান চলাই দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে চোৰাং চিকাৰ কাৰ্য্যত ব্যবহৃত বুজন পৰিমাণৰ আপত্তিজনক বস্তু সহ ৮৭ কিলোগ্ৰাম পহুৰ মাংস উদ্ধাৰ কৰে ।

আনহাতে, আটকাধীন চোৰাং চিকাৰী দুজনক বিজনী থানাৰ অন্তৰ্গত কুমাৰশালী এলেকাৰ সৌৰাং নাৰ্জাৰী আৰু ডিমাঝোৰা গাঁৱৰ ৰংগালু বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে । আটকাধীন চোৰাং চিকাৰী দুজনৰ লগতে জব্দ কৰা সামগ্ৰী খিনি কুকলং ৰেঞ্জ অফিচত গতাই দিয়ে ।