আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস
নিউজ ডেস্ক,৮ মাৰ্চঃ আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিৱস মহিলাসকলৰ অধিকাৰৰ আন্দোলনৰ মূল কেন্দ্ৰবিন্দু। ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ চ’চিয়েলিষ্ট পার্টিয়ে নিউ ইয়র্ক চহৰত মহিলা দিৱসৰ আয়োজন কৰাৰ পিছত, জার্মান প্রতিনিধি ক্লাৰা জেটকিন, কেট ডানকাৰ, পলা থিয়েদে আৰু অন্যান্যসকলে ১৯১০ চনৰ আন্তর্জাতিক সমাজতান্ত্রিক মহিলা সম্মিলনত প্ৰস্তাৱ আগবঢ়াই প্রতি বছৰে এটা নিৰ্দিষ্ট মহিলা দিৱস আয়োজন কৰা হয়। সেই নাৰী দিৱসৰ মূল লক্ষ্য হৈ পৰিছিল মহিলাৰ ভোটাধিকাৰ ৷ ১৯১৭ চনত ছোভিয়েট ৰাছিয়াত মহিলা ভোটাধিকাৰ অর্জনৰ পিছত, ৮ মার্চ তাৰিখটো তাত ৰাষ্ট্ৰীয় ছুটিৰ দিনত পৰিণত হৈছিল। এই দিৱস ১৯৬৭ চনত নাৰীবাদী আন্দোলনৰ দ্বাৰা গৃহীত নোহোৱালৈকে ১৯১৭চনৰপৰা প্রধানতঃ সমাজতান্ত্রিক আন্দোলন আৰু কমিউনিষ্ট দেশসমূহৰ দ্বাৰা উদ্যাপিত হৈ আহিছিল ৷

প্রতি বছৰে ৮ মার্চ দিনটো আন্তর্জাতিক নাৰী দিৱস হিচাপে পালিত হয়। সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্রত মহিলাসকলৰ কৃতিত্বক চিহ্নিত কৰিবলৈ মার্চ মাহৰ ৮ তাৰিখটোক আন্তর্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। এই দিন পালনৰ যোগেদি এই বিষয়টো সকলোৰে সন্মুখত তুলি ধৰি সচেতনতা প্রসাৰৰ চেষ্টা চলোৱা হয
প্ৰতিবছৰে নাৰী দিৱস পৃথক পৃথক থিমত পালন কৰা হয়। চলিত বৰ্ষৰ থিম হৈছে- Gender Equality Today for a Sustainable Tomorrow.