কাছাৰত তামোল ব্যৱসায়ীক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত প্ৰতিবাদ ৰাইজৰ
নিউজ ডেস্ক, ৭ মাৰ্চঃ স্থানীয় তামোল ব্যৱসায়ী সকলক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত কাছাৰৰ কাটিগড়াৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। স্থানীয় তামোল ব্যৱসায়ী অধিকাৰ সুৰক্ষা সমিতি নামৰ সংগঠনৰ উদ্যোগত এই ধৰ্ণা কাৰ্যসূচী। তিনিদিনৰ ভিতৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ব্যৱসায়ীসকলে।

এই আন্দোলনত অংশগ্ৰহণ কৰে বৰখলাৰ প্ৰাক্তন বিধায়িকা ড° ৰুমি নাথৰ লগতে স্থানীয় বহুতো কংগ্ৰেছ আৰু এ আই ইউ ডি এফ কৰ্মীয়ে। এই ধৰ্ণা কাৰ্যসূচী সমাপ্ত কৰি চক্ৰ বিষয়াৰ জৰিয়তে কাছাৰ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
উল্লেখ্য যে, কাছাৰ আৰক্ষীয়ে চুপাৰী চিণ্ডিকেটক লৈ অভিযান চলি থকাৰ সময়তে কাছাৰৰ কালাইনসহ বিভিন্ন স্থানত চুপাৰীৰ গুদামসমূহ ছীল কৰিছিল। কিন্তু ছীল হোৱা গুদামৰ মালিকসকলে দাবী কৰে যে তেঁওলোকৰ এই গুদামসমূহত বাম্নিজ চুপাৰী নহয় স্থানীয় তামোলহে ৰখা হয়। কোনো কাৰণ নথকাকৈ আৰক্ষীয়ে তেঁওলোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত কৰিছে ব্যৱসায়ীসকলে।