উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত-১০ মাৰ্চত ঘোষণা হ’ব ফলাফল
নিউজ ডেস্ক,৭ মাৰ্চঃ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ আজি অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। আজি পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু সন্ধিয়া ৭ বজাৰ লগে লগে অন্ত পৰিব দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ।
উত্তৰ প্ৰদেশত আজি ৯ খন জিলাৰ ৫৪টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজি বাৰাণসী, চান্দৌলি, ভাদোহী, মিৰ্জাপুৰ, ৰবাৰ্টছগঞ্জ, গাজীপুৰ, মৌ, আজমগড় আৰু জৌনপুৰত নিৰ্বাচন অনুষ্ঠিত হৈছে। আনহাতে নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ’ব।