এন আৰএলত নিযুক্তি নতুন পৰিচালন সঞ্চালক
নিউজ ডেস্ক,৭ মাৰ্চঃ নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক হিচাপে নিৰ্বাচিত হৈছে শোধনাগাৰৰে সঞ্চালক হিচাপে কৰ্মৰত ভাস্কৰজ্যোতি ফুকন। ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান এন আৰএলৰ পৰিচালন সঞ্চালকজন নিৰ্বাচন কৰিবলৈ চৰকাৰৰ পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ অধীনৰ পাব্লিক এণ্টাৰপ্ৰাইজেছ ছিলেকশ্যন ব’ৰ্ডৰ এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ঐতিহাসিক অসম চুক্তিৰ আধাৰত স্থাপিত নুমলীগড় শোধনাগাৰৰ খালী হৈ থকা পৰিচালন সঞ্চালক পদটোৰ বাবে ভাস্কৰজ্যোতি ফুকনক পাব্লিক এণ্টাৰপ্ৰাইজেছ ছিলেকশ্যন ব’ৰ্ডে অনুষ্ঠিত কৰা সাক্ষাতকাৰৰ যোগেদি এন আৰএলৰ শীৰ্ষতম পদটোৰ বাবে ভাস্কৰজ্যোতি ফুকনক নিৰ্বাচন কৰে। এতিয়া এপইণ্টমেণ্ট কেবিনেট কমিটীৰ আনুষ্ঠানিক অনুমোদনৰ পিছত ভাস্কৰজ্যোতি ফুকনে নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিব।
