Local, Vocal, Global

যুদ্ধৰ বিভীষিকাৰ মাজতেই ৰাছিয়াৰ নতুন আইন! ভুৱা বাতৰি প্ৰচাৰ কৰিলে ১৫ বছৰলৈ কাৰাবাস

নিউজ ডেস্ক, ৬ মাৰ্চ : যুদ্ধৰ পৰিৱেশৰ মাজতে বিভিন্ন ধৰণৰ ভুৱা বাতৰি চাৰিওফালে বিয়পি পৰিছে। ইয়াৰ ফলত ভীতিগ্ৰস্ত হৈছে সাধাৰণ জনতা। আৰু ভুৱা বাতৰি প্ৰচাৰ বন্ধ কৰিবলৈ ৰাছিয়াই গৃহীত কৰিছে এখন নতুন আইন। এই আইনৰ মতে যদি কোনোৱে ৰাছিয়াৰ সেনাৰ বিষয়ে মিছা বাতৰি প্ৰচাৰ কৰাৰ চেষ্টা কৰে তেন্তে ১৫ বছৰলৈ হ’ব পাৰে কাৰাবাস।


বাতৰি অনুসৰি, যোৱা সপ্তাহত ৰাছিয়াত ফেচবুক আৰু ইনষ্টাগ্ৰাম নিষিদ্ধ কৰিছে মস্কো চৰকাৰে। আৰু এই বিষয়টোৱে দৃষ্টি আকৰ্ষণ কৰিছে ৰাছিয়াৰ ৰাজ্যিক মিডিয়া নিয়ন্ত্ৰক ৰোচকোমনাজৰৰ। কেৱল মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীৰ প্লেটফৰ্মেই নহয়, মাইক্ৰ’ব্লগিং ছাইট টুইটাৰক নিষিদ্ধ কৰিছে।