Local, Vocal, Global

ধিঙত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গাঞ্জা জব্দ

নিউজ ডেস্ক,৫ মাৰ্চঃ ধিং আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। শুকুৰবাৰে নিশা ধিং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত ধিঙৰ গায়ন গাঁৱৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ইদ্ৰিছ আলী।
      আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা  বৃহৎ পৰিমাণৰ কণ্টেইনাৰৰ বটলৰ লগতে গাঞ্জা উদ্ধাৰ কৰে। তাৰোপৰি এখন স্কুটিও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
   উল্লেখ্য যে, বিগত বহুদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ এক বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল ড্ৰাগছ সৰবৰাহকাৰী ইদ্ৰিছ আলীয়ে।