Local, Vocal, Global

দিল্লী অভিমুখী চলন্ত যাত্ৰীবাহী ৰে’লৰ দুটা ডবাত হঠাৎ জুই

নিউজ ডেস্ক, ৫ মাৰ্চঃ শনিবাৰে পুৱা দাওৰালা ৰে’ল ষ্টেশ্যনৰ সমীপত চাহাৰানপুৰৰ পৰা দিল্লী অভিমুখে গৈ থকা যাত্ৰীবাহী ৰে’লৰ দুটা ডবাত হঠাতে জুই লাগে।
    অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোকৰে ক্ষতি হোৱা নাই বুলি ৰে’ল বিভাগে জানিবলৈ দিয়ে। ডবা দুটাৰ পৰা জুই ৰে’লখনৰ ইঞ্জিনলৈ সম্প্ৰসাৰিত হৈছিল যদিও ৰে’লৰ কৰ্মচাৰীসকলে যাত্ৰীসকলৰ সহযোগত ডবা দুটা ইঞ্জিনৰ পৰা পৃথক কৰি দিয়ে।
    পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত এই জুই নুমোৱা হয়। এই অগ্নিকাণ্ডৰ ফলত কিছু সময়ৰ বাবে যাতায়ত ব্যাহত হৈ পৰে বুলিও জানিব পৰা গৈছে।