মণিপুৰৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত হিংসাত্মক ঘটনা- গুলিয়াই হত্যা দুজনক
নিউজ ডেস্ক,৫ মাৰ্চঃ শনিবাৰে মণিপুৰত অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত ভোটগ্ৰহণ চলি থকাৰ সময়তে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। এই সংঘৰ্ষত দুজন লোক নিহত হয় আৰু কেইবাজনো লোক আহত হয়।
খবৰ অনুসৰি, সেনাপতি জিলাৰ কাৰোঙত আৰক্ষীৰ গুলিচালনাত এজন লোক নিহত হয় আৰু থৌবাল জিলাত এজন বিজেপি কৰ্মী আঘাটপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে।
এজন আৰক্ষী বিষয়াৰ মতে,ভোটগ্ৰহণ কৰ্মীসকলক আক্ৰমণ কৰি যেতিয়া কিছুমান মানুহে এটা ই ভি এম জব্দ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া আৰক্ষীয়ে কাৰোঙত গুলিচালনা কৰিবলগা হৈছিল।
ইফালে থৌবাল জিলাত শুকুৰবাৰে নিশা কংগ্ৰেছ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত হোৱা বিবাদৰ পিছত কংগ্ৰেছ কৰ্মীয়ে বিজেপি কৰ্মীসকলৰ ওপৰত গুলিচালনা কৰে। এই গুলিচালনাত কেইবাজনো বিজেপি কৰ্মী আহত হয় আৰু এজন শনিবাৰে মৃত্যু হয়।