Local, Vocal, Global

পথভ্ৰষ্ট জন্তুৰ বাবে এম্বুলেঞ্চ মুকলি কোহলিৰ

নিউজ ডেস্ক, ৫ মাৰ্চঃ বিশ্ব ক্ৰিকেটত পুনৰ ইতিহাস ৰচনা কিং ক’হলিৰ। শুকুৰবাৰে ম’হালীত শ্ৰীলংকাৰ বিৰুদ্ধে খেলপথাৰত নমাৰ সময়ত ৩৩ বছৰীয়া বেটছমেনজনে ১০০ খন টেষ্ট মেচ খেলি দ্বাদশ গৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।
         ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন খেলৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে আনুষ্ঠানিকভাৱে এখন এম্বুলেঞ্চ সেৱা উদ্বোধন কৰে। যাৰ দ্বাৰা চহৰখনৰ চাৰিওফালে থকা পথভ্ৰষ্ট জন্তুবোৰক সহায় কৰাত সুবিধা হ’ব।

শেহতীয়াকৈ কোহলীয়ে ভিভালডিছ এনিমেল হেলথৰ মুখ্য কাৰ্যবাহী বিষয়া কুনাল খান্না আৰু আৱাজ ভইচ অফ ষ্ট্ৰে এনিমেলছ দলৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে। ভিভালডিছৰ সমৰ্থনত কোহলী ফাউণ্ডেচনে যোৱা বছৰ পথভ্ৰষ্ট জন্তুবোৰৰ বাবে এটা ৰিহেব এণ্ড ট্ৰমা চেণ্টাৰ আৰু এম্বুলেঞ্চ মুকলি কৰিছিল।