Local, Vocal, Global

ৰিয়ানৰ পাছত ৰাজস্থান ৰয়েলছলৈ ভাস্কৰ বৰুৱা

নিউজ ডেস্ক, ২ মাৰ্চ : সমাগত আই পি এলৰ বাবে ক্ৰিকেটাৰৰ মুকলি নিলামত ৩ কোটি ৮০ লাখ টকা মূল্যত ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে ক্ৰয় কৰাৰ পাছত আৰু এজন অসম সন্তান দলটোৰ সৈতে যুক্ত হৈছে । তেওঁ হ’ল ভাস্কৰ বৰা । এই ছিজনৰ আই পি এলত ৰাজস্থান ৰয়েলছ দলৰ ‘স্ট্ৰেঙথ্ এণ্ড কণ্ডিছনিং কোচ’ হিচাপে নিযুক্তি লাভ কৰিছে ভাস্কৰে । সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবলত অসমৰ প্ৰাক্তন গ’লৰক্ষক ৰবীন বৰাৰ পুত্ৰ ভাস্কৰে বিগত ৩ বছৰ ধৰি অসম ৰঞ্জি দলৰ ট্ৰেইনাৰ হিচাপে আছে । বৰ্তমান অসম ৰঞ্জি দলৰ সৈতে হাৰিয়ানাত থকা ভাস্কৰ বৰাই দিছপুৰ পেৰেড গ্ৰাউণ্ডত গুৱাহাটী চিটি ক্ৰিকেট ক’চিং চেণ্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । বাওঁহতীয়া পেচ বলাৰ ভাস্কৰে ১৯ আৰু ২২ বছৰ অনূৰ্দ্ধ অসম ক্ৰিকেট দলত খেলিছে । পাছলৈ অসমৰ সুদক্ষ ট্ৰেইনাৰ নিশান্ত বৰদলৈৰ অধীনত কিছুদিন প্ৰশিক্ষণ লোৱাৰ অন্তত অষ্ট্ৰেলিয়াত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ অনলাইন ট্ৰেইনাৰ পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ হয় । সেইবাৰ ভাস্কৰৰ সৈতে উত্তীৰ্ণ হৈছিল ক্ৰীড়া সাংবাদিক তৌহিদ আলী তালুকদাৰো । যি কি নহওক, ভাস্কৰকে ধৰি ৰাজস্থান দলত যুক্ত হ’ল ৩ গৰাকী অসম সন্তান– ক্ৰমে দলৰ মুখ্য কাৰ্যবাহী ৰঞ্জিত বৰঠাকুৰ, ক্ৰিকেটাৰ ৰিয়ান পৰাগ আৰু শেহতীয়াকৈ ট্ৰেইনাৰ ভাস্কৰ বৰা ।