বন্ধুৱে বন্ধুক হত্যা কৰি পুতি থলে গাঁতত

নিউজ ডেস্ক, ২ মাৰ্চঃ নলবাৰী জিলাৰ বালিলেছা গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বালিলেছা গাঁৱৰ বাসিন্দা টুলুকন বৈশ্যৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক। মঙলবাৰে নিশা নলবাৰী আৰক্ষীয়ে চলোৱা তালাচী অভিযানত মৃদুল কলিতা নামৰ এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম । ইয়াৰ পূৰ্বে হত্যাৰ সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰায় ২৭ বছৰীয়া টুলুকন বৈশ্যক ১৬ ফেব্ৰুৱাৰীত হত্যা কৰা হৈছিল। বৈশ্যৰ পৰিয়ালৰ সদস্যসকলে নলবাৰী আৰক্ষী থানাত টুলুকন বৈশ্য নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল। পুংখানুপুংখ অনুসন্ধান আৰু তালাচী অভিযানৰ পিছত, সঞ্জয় ডেকা আৰু শচীন বৈশ্য নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
অভিযুক্ত দুজনে বৈশ্যৰ মৃত্যুত জড়িত থকাৰ কথা স্বীকাৰ কৰাৰ লগতে পাগলাদিয়া নদীৰ পাৰত হত্যা কৰি বালিৰ তলত পুতি থোৱা কথাও স্বীকাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।