বিয়ালৈ মাজত মাত্ৰ এটা মাহঃ আধৰুৱা হৈ ৰ’ল স্মৃতিৰেখা আৰু ৰক্তিমৰ সপোন

নিউজ ডেস্ক, ২ মাৰ্চ : এক পথ দুৰ্ঘটনাই ভাঙি চূড়মাৰ কৰিলে এহাল দম্পতীৰ সপোন। মন্দিৰ দৰ্শনৰ বাবে গৈ আৰু উভতি নাহিল প্ৰেমিক যুগল । মঙ্গলবাৰে শিৱ পূজা উপলক্ষে মন্দিৰ দৰ্শনলৈ গৈছিল স্মৃতিৰেখা বৰা আৰু ৰক্তিম বৰাই।

বাতৰি অনুসৰি, যোৰহাটৰ মহবন্ধাৰ চকলাটিঙত এখন যাত্ৰীবাহী বাছে স্কুটী আৰোহী গোলাঘাটৰ ৰক্তিম বৰা আৰু যোৰহাটৰ স্মৃতিৰেখা বৰাক মহতিয়াই নিয়াৰ ফলত দুয়োৱে ঘটনাস্থলীতে কৰুণভাৱে মৃত্যুক সাৱটি লয়। ইয়াৰ পিছতে এই পথ দুৰ্ঘটনাক কেন্দ্র কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু যাত্রীবাহী বাছখন ভাঙি লণ্ডভণ্ড কৰে উত্তেজিত লোকে।
উল্লেখ্য যে, অহা বহাগত দুয়ো বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। কিন্তু এক আধৰুৱা সপোন বুকুত লৈয়ে অজান দেশলৈ গ’লগৈ স্মৃতিৰেখা আৰু ৰক্তিম। এইদৰে দুয়োৱে বিয়াৰ মাত্ৰ কেইটামান দিন পূৰ্বে মৃত্যুক আকোৱালি লোৱাৰ ফলত শোকৰ বন্যা বৈছে।