Local, Vocal, Global

চিনেমাৰ কায়দাৰে বিজেপিয়ে ক’ত চলালে নিৰ্বাচনী প্ৰচাৰ ?

নিউজ ডেস্ক :  সমাগত পৌৰসভা নিৰ্বাচন ৷ৰাজ্যত এতিয়া তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ৷ ৬ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যত পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণ৷ পূৰ্বৰ তুলনাত এইবাৰ অধিক চমৎকাৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ৷ গীত গাই, নৃত্য কৰি ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিছে প্ৰাৰ্থীয়ে৷ ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটভিক্ষা প্ৰাৰ্থীৰ৷ ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ চাবুৱাত দেখা গ’ল দক্ষিণ ভাৰতৰ চিনেমাৰ কয়দাৰে লোৱা প্ৰচাৰ৷

চিনেমাৰ কায়দাৰে বিজেপিয়ে ক’ত চলালে নিৰ্বাচনী প্ৰচাৰ 

প্ৰাক নিৰ্বাচনী হিংসাৰ মাজেৰে চাবুৱাত বিজেপি কৰ্মীৰ সন্ত্ৰাস আৰম্ভ কৰাৰ অভিযোগ তুলিছে বিধায়ক পোনাকণ বৰুৱাই৷ ছাউথ-ইণ্ডিয়ান চিনেমাৰ কায়দাৰে ভয়-ভাবুকিৰে নিশা ৱাৰ্ডে ৱাৰ্ডে ঘূৰিলে বিজেপি কৰ্মীয়ে৷মঙলবাৰে নিশা ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ নেতৃত্বত দক্ষিণ ভাৰতৰ চিনেমাৰ কায়দাৰে প্ৰায় ১০-১২খন গাড়ীৰে ৱাৰ্ডে ৱাৰ্ডে সন্ত্ৰাস চলায় বিজেপি কৰ্মীয়ে৷

চিনেমাৰ কায়দাৰে বিজেপিয়ে ক’ত চলালে নিৰ্বাচনী প্ৰচাৰ 

বিজেপি কৰ্মীয়ে ভয়-ভাবুকিৰে সন্ত্ৰাস চলোৱা এই অভিযোগ তুলিছে বিধায়ক পোনাকণ বৰুৱাই৷ লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাক বলীউডৰ ‘শ্বলে’ চিনেমাৰ গব্বৰ সিঙৰ লগত তুলনা কৰে বিধায়ক পোনাকণ বৰুৱাই৷ বিধায়ক বিনোদ হাজৰিকাৰ নিৰাপত্তাৰক্ষীয়ে বন্দুক লগাই অসম গণ পৰিষদৰ কৰ্মীক মাৰধৰ কৰাৰ অভিযোগ বিধায়কগৰাকীৰ৷উল্লেখ্য যে, নিশা কোনো দুষ্ট লোকে অগপৰ নিৰ্বাচনী কাৰ্যালয়ো জ্বলাই দিয়ে৷ নগৰখনৰ ২নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা৷ ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে চাবুৱাত৷