Local, Vocal, Global

ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষ: অসমৰ তিনিজন শিক্ষাৰ্থী সুৰক্ষিতভাৱে  উপস্থিত ভাৰতত

নিউজ ডেস্ক, ১ মাৰ্চ : সোমবাৰে নতুন দিল্লীত উপস্থিত হয় ইউক্ৰেইনত আৱদ্ধ হৈ থকা অসমৰ আৰু তিনিজন শিক্ষাৰ্থী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত সুৰক্ষিতভাৱে জনমভূমিত উপস্থিত হয় ভাৰতৰ শিক্ষাৰ্থী সকল । সন্ধিয়া প্ৰায় ৫-২০ বজাত অসম ভৱনত উপস্থিত হয় ছাত্ৰ ছাত্ৰী কেইজন আৰু তেওঁলোকক ঘৰলৈ পঠিয়াবৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে অসম ভৱন বিষয়াই। 

ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষ: অসমৰ তিনিজন শিক্ষাৰ্থী সুৰক্ষিতভাৱে  উপস্থিত ভাৰতত


আনহাতে, ছাত্ৰ ছাত্ৰী কেইজন হৈছে দীপশিখা দাস, চুয়ালকুচি, প্ৰয়াশ শৰ্মা আৰু অৱনীশ ফুকন। নতুন দিল্লীত উপস্থিত হোৱাৰ পিছত, অসম ভৱনৰ কৰ্তৃপক্ষই তেওঁলোকক শুভেচ্ছা জনাইছিল। তেওঁলোকে দিল্লীত পৰিয়ালৰ সৈতে থাকিব আৰু সেই অনুসৰি দিল্লীৰ পৰা গুৱাহাটীলৈ তেওঁলোকৰ বিমান যাত্ৰাৰ ব্যৱস্থা কৰা হ’ব।
বাতৰি অনুসৰি, মঙলবাৰে পুৱা বুদাপেষ্ট (হাংগেৰীৰ ৰাজধানী) আৰু বুখাৰেষ্ট (ৰোমানিয়াৰ ৰাজধানী)ৰ পৰা ভাৰতীয় নাগৰিকৰ সৈতে আৰু দুখন বিমান নতুন দিল্লীত উপস্থিত হ’ব।উল্লেখযোগ্য যে, অসমৰ পৰা ইউক্ৰেইনত চিকিৎসা অধ্যয়ন কৰি থকা প্ৰায় ৩০০ জন শিক্ষাৰ্থী সংকটৰ মাজত আবদ্ধ হৈ আছে।